কলকাতা, ১০ অক্টোবৰ (হি.স.)। প্ৰৱৰ্তন সঞ্চালকালয়ে পশ্চিমবংগৰ দুটা পৃথক ধন সৰবৰাহৰ গোচৰত ৰাজ্য়খনৰ অগ্নিনিৰ্বাপক মন্ত্ৰী সুজিত বসুৰ কাৰ্যালয়কে ধৰি ১০টা স্থানত শুকুৰবাৰে একেলগে অভিযান চলাইছে। কলকাতা আৰু ইয়াৰ আশে-পাশে অব্যাহত আছে এই অভিযান।
ইডিয়ে তদন্ত কৰি থকা দুটা গোচৰৰ ভিতৰত এটা পৌৰসভাত নগদ ধনৰ বিনিময়ত চাকৰিৰ কেলেংকাৰিৰ সৈতে জড়িত, আনহাতে আনটো বেংকৰ ঋণ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত। সংস্থাটোৰ এটা দলে উত্তৰ কলকাতাৰ ছল্ট লেকত থকা মন্ত্ৰী সুজিত বসুৰ কাৰ্যালয়তো অভিযান চলায়, যিটো পৌৰসভাৰ নিযুক্তিৰ অনিয়মৰ গোচৰৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।
তদুপৰি ইডিৰ দলে নিউ আলিপুৰ, দক্ষিণ কলকাতাৰ শৰত বসু পথ, ৰাজধানীৰ উত্তৰ অংশৰ নাগেৰবজাৰত তালাচী চলাই আছে। নিউ আলিপুৰৰ কলিকতা উচ্চ ন্যায়ালয়ৰ এজন বিশিষ্ট অধিবক্তাৰ বাসগৃহতো অভিযান চলায়। প্ৰতিটো দলৰ লগত নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান থাকে।
মন্ত্ৰী সুজিত বসুৰ ঘৰৰ চৌহদত অভিযান চলাইছে ইডিয়ে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জানুৱাৰী মাহত ইডিয়ে তেওঁৰ ঘৰ আৰু কাৰ্যালয়ত একেলগে অভিযান চলাই কেইবাখনো অভিযোগনামা দাখিল কৰা নথি-পত্ৰ আৰু তেওঁৰ মোবাইল ফোন জব্দ কৰিছিল।
পৌৰসভাৰ নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত এই অভিযানসমূহৰ মাজতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)য়েও সমান্তৰাল তদন্তৰ অংশ হিচাপে একেটা গোচৰতে নতুনকৈ অভিযোগনামা দাখিল কৰাৰ প্ৰস্তুতি চলাইছে। চিবিআইৰ সূত্ৰ অনুসৰি এই গোচৰত ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তিৰ পুত্ৰক জেৰা কৰা হৈছে যদিও তেওঁৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই।
কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৰুজু হোৱা একেটা এফআইআৰৰ ভিত্তিত চিবিআইৰ তদন্ত আৰম্ভ হৈছিল। নিযুক্তি কেলেংকাৰী কেৱল শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয় বৰঞ্চ সমগ্ৰ পশ্চিম বংগৰ পৌৰসভাৰ বিভিন্ন পদত বিস্তৃত বুলি ইডিৰ যুক্তি আদালতে মানি লয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
