
তামুলপুৰ, ২২ আগষ্ট (হি.স.)। সমাগত বিটিচি নিৰ্বাচন উপলক্ষে শাসকীয় ইউপিপিএল দলৰ প্ৰথম খন তালিকা প্ৰকাশ কৰা হৈছে। দুজনীয়া এই তালিকাত তামুৰপুৰ জিলাৰ ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিত দলৰ প্ৰাৰ্থী হৈছে বিধায়ক জলেন দৈমাৰী ৷ একেদৰে ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত প্ৰাথীত্ব লাভ কৰিছে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বালা বিশ্বাসে।
ইফালে নাগ্ৰিজুলী পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ টিকট লাভ কৰিয়ে প্ৰথম প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে ৰবীন্দ্ৰ বালা বিশ্বাসে। তেওঁ সভাপতি প্ৰমোদ বড়োকে ধৰি দলৰ প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাইছে । আনহাতে এইবাৰ বিজেপিৰ দখলত থকা সমষ্টিটো ইউপিপিএলৰ দখলত আহিল বুলি দৃঢ় বিশ্বাস ব্য়ক্ত কৰে ৰবীন্দ্ৰ বালা বিশ্বাসে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
