কলকাতা, ২২ আগষ্ট (হি.স.)। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কলকাতা ভ্ৰমণ এক ঐতিহাসিক অনুষ্ঠান হ’বলৈ গৈ আছে। মহানগৰীৰ পথৰ পৰা আৰম্ভ কৰি মেট্ৰ’ ষ্টেচনলৈকে সকলোতে তেওঁক আদৰণি জনোৱাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলোৱা হৈছে। বিভিন্ন স্থানত মোডীৰ বিশাল বিশাল কাটআউট স্থাপন কৰা হৈছে আৰু ফুলেৰে সজাই তোলা পথসমূহে ‘উন্নত বাংলা, উন্নত ভাৰত’ৰ বাৰ্তা প্ৰদান কৰিছে।
ৰে’লৱে ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক (তথ্য আৰু প্ৰচাৰ) দিলীপ কুমাৰে কয় যে শুকুৰবাৰ কলকাতাৰ বাবে এক ঐতিহাসিক দিন হ’ব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে উৎসৰ্গা কৰিব মেট্ৰ’ লাইন।
প্ৰধানমন্ত্ৰীয়ে ইয়াত ৫২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আটাইতকৈ বিশেষ অনুষ্ঠানত জেছৌৰ পথৰ পৰা ‘নোৱাপাৰা-জয় হিন্দ বিমান বন্দৰ’ অংশত মেট্ৰ’ সেৱা আৰম্ভ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে নিজেই এই মেট্ৰ’ত যাত্ৰা কৰিব আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰিব।
আনুষ্ঠানিক কাৰ্যসূচী অনুসৰি মোদীয়ে সন্ধিয়া ৪:১৫ বজাত ১৩.৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’ নেটৱৰ্ক দেশবাসীৰ বাবে উৎসৰ্গা কৰিব, য’ত শিয়ালদহ-এছপ্লেনেড আৰু বেলেঘাটা-হেমন্ত মুখোপাধ্যায় অংশও অন্তৰ্ভুক্ত কৰা হৈছে। এই পথসমূহে যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস কৰিব। শিয়ালদহ-এছপ্লেনেড অংশত এতিয়া যাত্ৰাত ৪০ মিনিটৰ পৰিৱৰ্তে মাত্ৰ ১১ মিনিট সময় লাগিব।
জেছ’ৰ ৰোড মেট্ৰ’ ষ্টেচনত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। ‘দুৰ্গা পূজা’ শীৰ্ষক বিষয়ত শিল্পীসকলে বিশেষ অভিনয় কৰিব। যাত্ৰীসকলে এই নতুন সেৱাক জনসাধাৰণৰ বাবে এক ডাঙৰ উপহাৰ বুলি অভিহিত কৰে। এজন যাত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত দেশখনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। নতুন মেট্ৰ’ সেৱাই মানুহৰ সময় ৰাহি কৰিব।
প্ৰধানমন্ত্ৰীয়ে হাওৰা মেট্ৰ’ ষ্টেচনত নতুনকৈ নিৰ্মিত ছাবমেট্ৰ’ উদ্বোধন কৰাৰ লগতে ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৭.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনযুক্ত উচ্চ ক’না এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ দ্বাৰা হাওৰা, কলকাতা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ সংযোগৰ ক্ষেত্ৰত নতুন গতি লাভ কৰাৰ লগতে ব্যৱসায় আৰু পৰ্যটনত উত্থান ঘটিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
