
গোলাঘাট, ২১ ডিছেম্বৰ (হি.স.): গোলাঘাটৰ কমাৰবন্ধা তিনি আলীৰ সমীপত বুধবাৰে আবেলি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। চাইকেল আৰোহীক তীব্ৰ বেগত খুন্দিয়ালে বাইক আৰহীয়ে। ঘটনাস্থলীত চাইকেল আৰোহী লক্ষেশ্বৰ হাজৰীকা নিহত হোৱাৰ বিপৰীতে বাইক আৰহী গোবিন বৰা গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়।
জানিব পৰা মতে কছাৰীহাট ৰাইদিঙীয়াৰ এলআইচি এজেণ্ট লক্ষেশ্বৰ হাজৰিকাই চাইকেলেৰ বৰজান পৰা ঘৰৰ অভিমুখে আহি থকা অৱস্থাত একে দিশৰ পৰা আহি থকা এএছ ০৫ কে ০৭১৮ নম্বৰৰ পালচাৰ বাইকে তীব্ৰ বেগত খুন্দিয়াত ৫০ বছৰীয়া লক্ষেশ্বৰ হাজৰীকা মৃত্যু হয়। ইফালে আঘাত প্ৰাপ্ত বাইক আৰোহী গোবিন বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
