গুৱাহাটী, ১৬ নৱেম্বৰ (হি.স.)। বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো ভাষা, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, প্ৰচাৰ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সভাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমৰ চহকী ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ অবিৰত প্ৰচেষ্টাৰ বাবে আন্তৰিক শুভেচ্ছা জনায়।
উল্লেখ্য যে বড়ো সাহিত্য সভা হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ (বর্তমান চিৰাং জিলা) বাসুগাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হয়। ইয়াৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰত অৱস্থিত। এই অনুষ্ঠানটোত অসমৰ লগতে প্ৰতিৱেশী ৰাজ্য পশ্চিম বংগ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ লগতে নেপালৰো প্ৰতিনিধি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
