লক্ষ্ণৌ, ২২ আগষ্ট (হি.স.)। উত্তৰ প্ৰদেশ টি-২০ লীগ ২০২৫ৰ নৱমখন খেলত মীৰুট মেভেৰিক্সে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই গোৰখপুৰ লায়ন্সক ৬ উইকেটত পৰাস্ত কৰে। মাত্ৰ ৪৮টা বলত অপৰাজিত ১০৮ ৰান সংগ্ৰহ কৰা ৰিংকু সিঙৰ বিস্ফোৰক শতকীয় ইনিংছৰ নামেৰে এই মেচখনৰ নামকৰণ কৰা হৈছে।
প্ৰথমে বেটিং কৰি গোৰখপুৰ লায়ন্সে ২০ অভাৰত ১৬৭ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক ধ্ৰুৱ জুৰেলে ৩৮ ৰান (৩২ বল) কৰাৰ বিপৰীতে নিশান্ত কুশৱাহাই ২৪টা বলত ৩৭ ৰান সংযোজন কৰে। অক্ষদীপ নাথেও ১৬টা বলত ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। কিন্তু লায়ন্সৰ দলটোৱে বৃহৎ অংশীদাৰিত্ব কৰিব নোৱাৰি অৱশেষত ৯টা উইকেট হেৰুৱাই ১৬৭ ৰানত ৰৈ যায়।
মীৰুট মেভেৰিক্সৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। বিশাল চৌধুৰী আৰু বিজয় কুমাৰে ৩-৩ উইকেট দখল কৰাৰ বিপৰীতে জীশন আনছাৰীয়ে ২টা উইকেট দখল কৰে।
লক্ষ্য খেদি খেদি মেভেৰিক্সৰ আৰম্ভণি স্বাভাৱিক আছিল যদিও ৰিংকু সিঙে অহাৰ লগে লগে খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰে আৰু মেচখনৰ গতিপথ অতি কম সময়ৰ ভিতৰতে সলনি হয়। ১০৮ ৰানৰ অপৰাজিত ইনিংছত ৰিংকুৱে ১০টা ছয় আৰু ৭টা চাৰি কোবায়। তেওঁৰ লগতে যুৱৰাজ সিঙে ২২ ৰান বৰঙণি আগবঢ়ায়। মেভেৰিক্সে ১৮.৫ অভাৰত ১৬৮ ৰান সংগ্ৰহ কৰি ৪ উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে।
এই জয়ৰ জৰিয়তে পইণ্ট তালিকাত মীৰুট মেভেৰিক্সে নিজৰ স্থান সুদৃঢ় কৰাৰ বিপৰীতে পৰাজয়ৰ পিছত পৰৱৰ্তী মেচত গোৰখপুৰ লায়ন্সে পুনৰ প্ৰত্যাৱৰ্তন কৰিব লাগিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
