লক্ষীমপুৰ, ২২ ডিচেম্বৰ (হি.স.): লক্ষীমপুৰ পথালিপাহাৰৰ টোলগেটৰ সমীপত যোৱা কালি দেওবাৰে সন্ধিয়া বন্ধা কবি কঢ়িয়াই অনা মহেন্দ্ৰ বলেৰ’ পিকআপ বাহনৰ পৰা জব্দ কৰা হয় ২৫ বস্তা গাঞ্জা । বঙালমৰা আৰক্ষী চকীৰ আইচি চত্ৰ সিং পাটৰৰ নেতৃত্বত তথা বান্দৰদেৱা আৰক্ষী চকীৰ সহ উপ পৰিদৰ্শক দুলুমনি শইকীয়াৰ চলা এই বৃহৎ অভিযানত জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে বাহন খনে বন্ধা কবি কঢ়িয়াই আনিছিল আৰু সেই কবি বস্তাৰ মাজতে সংগোপনে কঢ়িয়াই আনিছিল যদিও আৰক্ষীয়ে পোৱা গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত এএছ ১২ চিচি ৪২৪৫ নম্বৰৰ মহেন্দ্ৰ বলেৰ’ পিকআপ বাহন খনৰ পৰা উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয় ২৫ বস্তা ভৰ্তি গাঞ্জা।
জানিব পৰামতে, অৰুণাচল প্ৰদেশৰ ব’মডিলাৰ পৰা বান্দৰদেৱা লৈ সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি। কালু প্ৰধান নামৰ চালক জনক ইতিমধ্যে আৰক্ষীয়ে জিম্মাত লৈছে। জব্দকৃত ২৫ বস্তাৰ প্ৰায় ৫ কুইন্টল ৩০ কিলোগ্ৰাম গাঞ্জা চীল কৰি ইতিমধ্যে আৰক্ষীয়ে লৈ গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
