বাক্সা, ২১ ছেপ্টেম্বৰ (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰত যোৱা কালি শনিবাৰে নিশা মহান কণ্ঠ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মৌন সমদল বাহিৰ কৰা হয় । গোৰেশ্বৰ মণ্ডল বিজেপিৰ উদ্যোগত শনিবাৰে বিটিচিৰ নিৰ্বাচনী ধুমুহা পাহৰি অজস্ৰ গুণমুগ্ধ অনুৰাগী আৰু বিজেপিৰ সহস্ৰাধিক দলীয় কাৰ্যকৰ্তাৰ লগতে নেতৃবৃন্দই গোৰেশ্বৰৰ বেঙেনাহাটি সত্ৰত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী ডেৰহাচাৰ নাৰ্জাৰীয়ে এক বিশাল মৌন সমদল উলিয়ায়। শোভাযাত্ৰাত গোৰেশ্বৰ অঞ্চলৰ সহশ্ৰাধিক ৰাইজৰ লগতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মানস শৰণীয়াৰ লগতে কেইবাগৰাকী নেতা । উল্লেখ্য যে বিজেপিয়ে কালিৰে পৰা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে বিটিআৰত বন্ধ ৰাখিছে সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সভা । ইপিনে স্থানীয় একাংশ দল সংগঠনৰ আহ্বান মৰ্মে কালি পুৱাৰে বন্ধ ৰাখিছে গোৰেশ্বৰৰ চহৰৰ সকলো দোকান-পোহাৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
