• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > শোণিতপুৰৰ জৈৱ বৈচিত্ৰৰে পূৰ্ণ বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত চৰকাৰী বাহিনীৰ বৃহৎ উচ্ছেদ অভিযান
Regional

শোণিতপুৰৰ জৈৱ বৈচিত্ৰৰে পূৰ্ণ বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত চৰকাৰী বাহিনীৰ বৃহৎ উচ্ছেদ অভিযান

CliQ INDIA
Last updated: January 6, 2026 1:00 pm
CliQ INDIA
Share
5 Min Read
SHARE
শোণিতপুৰৰ বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত জিলা প্ৰশাসন ,আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান
শোণিতপুৰৰ বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত জিলা প্ৰশাসন ,আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান
শোণিতপুৰৰ বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত জিলা প্ৰশাসন ,আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

–৬২০০ বিঘা ভূমিত ৭১০ ঘৰ বেদখলকাৰীক উচ্ছেদ

–এশ শ্ৰমিক আৰু প্ৰায় ৫০০ আৰক্ষী নিয়োগ

–বেদখলমুক্ত কৰিবলৈ জাননী জাৰি কৰাৰ পিছতো অব্যাহত আছিল বেদখল

–উচ্ছেদক বাধা দিবলৈ চলোৱা প্ৰচেষ্টাক নিয়ন্ত্ৰণ আৰক্ষীৰ

–২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই বেদখল মুক্ত কৰিবলৈ চলিছিল অভিযান

শোণিতপুৰ, ০৫ জানুৱাৰী (হি.স.)। বনাঞ্চলকে ধৰি চৰকাৰী ভূমিত চলা বেদখলৰ অভিযোগৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অবিৰত পদক্ষেপৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ বন বিভাগৰ সহযোগত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বেদখল কৰা অঞ্চলসমূহত ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে । দুদিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযান সন্দৰ্ভত ৰাজহ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাৰ পৰা জানিব পৰা মতে তেজপুৰ, থেলামাৰা আৰু ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৬২০০ বিঘা মাটিৰ এলেকা ইতিমধ্যে অবৈধভাবে বেদখল কৰিছে সন্দেহযুক্ত বেদখলকাৰীয়ে ।

এইসমূহ ভূমি ইতিমধ্যে বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টন দিয়া হৈছিল । এই বৃহৎ অংশৰ ভূমি পূৰ্বে অবৈধ বেদখলকাৰীৰ দখলত থকা বুলি ধৰা পৰিছিল বাসগৃহ নিৰ্মাণ আৰু কৃষি কাৰ্য্যৰ বাবে । ইয়াৰ পূৰ্বে ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু বন বিভাগৰ বিষয়াসকলে কৰা যৌথ পৰীক্ষণৰ ভিত্তিত সেই বেদখলকাৰীসকলক উক্ত চৰকাৰী ভূমি খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু প্ৰায় এমাহৰ জাননীৰ সময়সীমাৰ পিছত ইয়াৰে কিছুমানৰ বাহিৰে অধিকাংশ বেদখলকাৰীয়ে দুদিনমান আগলৈকে ক্ষতিপূৰণমূলক বনানীকৰণৰ মাটি খালী কৰা নাছিল । সেয়েহে প্ৰট’কল, আইন আদি অনুসৰি আজি বেদখল কৰা অঞ্চলটো অবৈধ বসবাসকাৰীৰ পৰা মুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলোৱা হৈছে।

অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই লগতে কয় যে প্ৰায় ৭১০টা পৰিয়াল বেদখলকাৰী হিচাপে চিনাক্ত কৰা হৈছে। আমি পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছো। এই ড্ৰাইভৰ পূৰ্বে বেদখলকাৰীসকলক পৰ্যাপ্ত পৰিমাণৰ সজাগতামূলক ঘোষণাৰ উপৰিও নিৰ্দিষ্ট সময়ৰ ভিতৰত অঞ্চলটো খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। এই সন্দৰ্ভত যোৱা ১৭ ডিচেম্বৰত নগাঁও বন্যপ্ৰাণী অভয়াৰণ্য, শোণিতপুৰ ৰাজহ বিভাগৰ সহযোগত শোণিতপুৰৰ চৰকাৰী বিষয়াৰ এটা দলে বেদখল কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কমল বৰুৱাই লগতে কয় যে এই উচ্ছেদ অভিযানত ৬০ খন টেক্টৰ, ৩৬ খন জে চি বি ব্যৱহাৰ কৰাৰ লগতে প্ৰায় ১০০ গৰাকী শ্ৰমিক, প্ৰায় ৫০০ আৰক্ষী বাহিনী জড়িত হৈ পৰিছে ।শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰাকায়স্থৰ নেতৃত্বত তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য বুঢ়াগোঁহাইৰ লগতে দণ্ডাধীশৰ দল এই অভিযানত ব্যস্ত হৈ পৰিছে। উচ্ছেদ চলি আছে, আৰু শান্তিপূৰ্ণভাৱে চলি আছে বুলি মন্তব্য কৰে যদিও প্ৰথম অৱস্থাত উচ্ছেদৰ আওতাত পৰা গণেশ টাপু আৰু লাঠিমাৰী চৰত একাংশ সন্দেহযুক্ত বেদখলকাৰীয়ে হাতে হাতে লাঠি -টাঙোন লৈ উচ্ছেদত জড়িত সকলক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই অসম চৰকাৰে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ চৰ চাপৰি অঞ্চলৰ প্ৰায় ১৯০০ হেক্টৰ মাটিৰ পৰা অবৈধ বেদখল দূৰ কৰিবলৈ ডব্লিউ এল এছত ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। শোণিতপুৰ জিলাৰ অধীনলৈ অহা ৪৪.০৬ বৰ্গ কিলোমিটাৰ মাটিকালি ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত বুঢ়াচাপুৰী বন্যপ্ৰাণী অভয়াৰণ্যখন। তদুপৰি বুঢ়া চাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কেন্দ্ৰীয় অৱস্থিত সংৰক্ষিত অঞ্চল যিটো পূবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, উত্তৰ দিশত পাক্কে-নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে কাৰ্বি আংলঙৰ চহকী সংৰক্ষিত বনাঞ্চল আদি বহু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যানেৰে আগুৰি আছে যিবোৰে কাজিৰঙাৰ মাজত জীৱ-জন্তুৰ প্ৰব্ৰজনৰ বাবে সংযোগী কৰিডৰ হিচাপে কাম কৰে আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানসমূহক কাজিৰঙা বাঘ সংৰক্ষিত বনাঞ্চলৰ বাফাৰ জ’ন হিচাপে চিনাক্ত কৰা হৈছে।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ উত্তৰ সীমাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰই বৃহৎ সংখ্যক নদীদ্বীপৰ সৃষ্টি কৰে। ব্ৰহ্মপুত্ৰ নদী দ্বীপৰ লগতে ঘাঁহনি, বনাঞ্চল আৰু অসংখ্য জলাশয়ৰ বৈশিষ্ট্যপূৰ্ণ বুঢ়াচাপৰি চহকী পৰিৱেশ তন্ত্ৰৰ বাবে অসংখ্য প্ৰজাতিৰ বিপন্ন স্তন্যপায়ী, সৰীসৃপ আৰু চৰাইৰ বিচৰণভূমি হিচাপে পৰিগণিত ।উল্লেখ্য আজিৰে পৰা আৰম্ভ কৰা এই উচ্ছেদ অভিযানৰ সময়ত সন্দেহজনক বেদখলকাৰীৰ বিচৰণ ভূমি হিচাপে পৰিগণিত ৯ টাকৈ টাপু ক্ৰমে -জামুকলি টাপু , আৰিমাৰী টাপু, শিয়ালী চৰ, বাঘে টাপু, গল্টিডুবি টাপু, লাঠিমাৰী টাপু ,কুন্দুলি চৰ, বাটলি চৰ, পূব দুৱামন চৰৰ বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে । সোমবাৰৰ সন্ধিয়ালৈকে অব্যাহত থকা এই উচ্ছেদ অভিযান কাইলৈ মঙলবাৰেও চলিব বুলি ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই জানিবলৈ দিয়ে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

You Might Also Like

ধূলা আৰু খাৰুপেটীয়াৰ চৰ অঞ্চলত বাঘৰ আতংক | BulletsIn
বকোৰ নামপথাৰত হাতীৰ গচকত এজনৰ মৃত্য়ু
বোকাখাতত এ জে ৱাই চি পিৰ প্ৰতিবাদ
কাছাৰৰ উধাৰবন্ধ বজাৰত অচিনাক্ত যুৱকৰ দাৰ ঘাপত আহত তিনিজন
গোসাঁইগাঁৱত স্তন কৰ্কট ৰোগ’ৰ সজাগতা কাৰ্য্যসূচী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইতিহাসৰ পৃষ্ঠাত ৭ জানুৱাৰী: ১৭৮৯ চনত জৰ্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি অধিষ্ঠিত
Next Article এএফকন ২০২৫: বেনিনক ৩-১ ব্যৱধানে পৰাস্ত কৰি ইজিপ্তৰ অন্তিম ১৬ত স্থান লাভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?