ওদালগুৰি, ১১ আগষ্ট (হি.স.): বিটিচি নিৰ্বাচনৰ প্ৰাগমুহূৰ্ত্তত আঞ্চলিক দ’ল সমূহৰ মাজত ক্ষমতা কেন্দ্ৰীক ৰাজনীতিৰ বাবে নিৰ্বাচনৰ ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। ওদালগুৰি জিলাৰ টংলাৰ ৩নং ৱাৰ্ডৰ কালীবাৰিত যোৱাকালি দেওবাৰে বিয়লি অসম গণ পৰিষদৰ দলীয় কৰ্মী সভাত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ৩৫ নং মুদৈবড়ী পাৰিষদীয় সমষ্টিত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা নিৰ্বাচনৰ ব্যাপক তৎপৰতা চলোৱা হৈছে । মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে।
বি-টি-আৰ অঞ্চলৰ বিশেষকৈ মুদৈবড়ী পাৰিষদীয় সমষ্টিত এইবেলি আঞ্চলিক দ’লটোক শাসনলৈ আনিব লাগিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্যই। বিশেষকৈ ওদালগুৰিৰ জিলাৰ ৩৫ নং মুদৈবড়ী পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভিচিডিচিৰ পৰা অহা বহু সংখ্যক লোকে টংলা ৩নং ৱাৰ্ডৰ কালীবাৰিত অসম গণ পৰিষদ দলৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে। অনুষ্ঠানত অসম গণ পৰিষদ দলৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি যতীন কুমাৰ ডেকা, সাধাৰণ সম্পাদক প্ৰমোদ হাজৰিকা, তৰুণ চহৰীয়াৰ লগতে বুথ কমিটিৰ সদস্য সকলে উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
