নতুন দিল্লী, ১১ আগষ্ট (হি.স.)। তিৰুৱনন্তপুৰমৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান (এআই ২৪৫৫ নম্বৰ) দেওবাৰে চেন্নাইত জৰুৰীকালীন অৱতৰণ কৰে। যাত্ৰাৰ সময়ত বেয়া বতৰৰ মাজত কাৰিকৰী সমস্যাৰ সন্দেহ কৰি ক্ৰুৱে বিমানখন চেন্নাইলৈ ডাইভাৰ্ট কৰি বিমানখন নিৰাপদে অৱতৰণ কৰে।
বিমানখনে নিশা প্ৰায় ৮ বজাত তিৰুৱনন্তপুৰমৰ পৰা উৰা মাৰি নিশা প্ৰায় ১০.৩৫ বজাত চেন্নাই পালেহি। কংগ্ৰেছৰ সাংসদ ভেনুগোপালৰ লগতে আন একাংশ সাংসদ আৰু যাত্ৰী কঢ়িয়াই অনা বিমানখনত ক্ৰুৰ বুজাবুজিৰ বাবে এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। ভেনুগোপালে বিমান যাত্ৰাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে আৰু ডিজিচিএৰ ওচৰত এই ঘটনাৰ তদন্তৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
