কোকৰাঝাৰ, ২৮ আগষ্ট (হি.স.)। পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান। অভিযানত বাইকসহ আটক বৃহৎ বাইক চুৰি চক্ৰ। ছয় খন চুৰি বাইকসহ আটক ছয়জনকৈ ব্যক্তি।
যোৱা দেওবাৰে সাত খন চুৰি বাইক সহ ৯জন ব্যক্তি আটক হোৱাৰ পিছত পুনৰ আজি ছয় খন চুৰি বাইক সহ আটক হয় ছয় জনকৈ ব্যক্তি। ধৃত ব্যক্তি কেইজন হল ক্ৰমে বিলাসীপাৰাৰ হাসিনুৰ ইছলাম, গোফাৰ আলী, মজমুল হক। বন্দিহানাৰ মাজেৰ অলগাৰ বাবুৰ আলী, গৌৰীপুৰৰ দেৱোত্তৰ ৰায়পুৰৰ মোছা আলী, আৰু বন্দিহানাৰ ডিমাতোলাৰ সাহ আলম।
বগৰীবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰথন জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
