কামৰূপ, ১৭ অক্টোবৰ (হি.স.)। এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাজোৰ ৰামদিয়া মাজৰকুৰি ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। ঘৰে ঘৰে পানী। অসম চৰকাৰৰ এখন উল্লেখযোগ্য আঁচনি হৈছে জলজীৱন মিচন আঁচনি। এতিয়া প্ৰশ্ন উঠিছে এই আঁচনিৰ জৰিয়তে ৰাইজ উপকৃত হৈছে নে? ৰামদিয়াৰ মাজৰকুৰিত পানী যোগান আঁচনিখন এতিয়া নামত হে আছে। কামত একো নাই, এই অভিযোগ স্থানীয় ৰাইজৰ। এই আচঁনিৰ খনৰ ৰাইজ উপকৃত হোৱাৰ বিপৰীতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মাজৰকুৰিবাসী ৰাইজে।
গাঁও খনৰ মাজেৰে যোৱা পানীৰ পাইপ সমূহ নিম্নমানৰ হোৱাৰ বাবেই য”তে তʼতে ফাটি যোৱাৰো উপক্ৰম হৈছে। ৰামদিয়া মাজৰকুৰি নামপাৰাত জলজীৱন মিছন পানী যোগান আঁচনি এতিয়া প্ৰহসনত পৰিণত বুলি দাবী কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। এই পানী যোগান আঁচনি খনৰ পৰা বঞ্চিত হ”বলগীয়াত পৰিছে মাজৰকুৰি, নামপাৰা অঞ্চলৰ লগতে স্থানীয় অঙ্গণাবাড়ী কেন্দ্ৰও। অঙ্গণাবাড়ী কেন্দ্ৰটোত পানীৰ টেপ আছে যদিও পানী নলোৱাত সমস্যাৰ সন্মুখীন হৈছে কেন্দ্ৰটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি কৰ্মী সহায়িকা।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
