
কামৰূপ, ১৮ ডিছেম্বৰ (হি.স.): কামৰূপৰ গৰৈমাৰীৰ বৰাখাটত যোৱাকালি নিশা এক চাঞ্চল্যকৰ ঘটনা ঘটে ৷ চোকা অস্ত্ৰৰে ঘঁপিয়াই এজনক হত্যাৰ চেষ্টা চলায় ৷
গৰৈমাৰীৰ বৰাখাট মথাউৰিত দেওবাৰে নিশা দুৰ্বৃত্তই লোক এজনক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰি পেলাই থৈ যায় ৷ পথৰ দাঁতিত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মুমূৰ্ষু লোকজনক পথচাৰী এজনে উদ্ধাৰ কৰি ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ গুৰুতৰভাৱে আহত লোকজনক প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে তেওঁক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰে ৷ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা লোকজন উত্তৰ পুখুৰীপাৰ গাঁৱৰ চানমিঞাৰ পুত্ৰ আকাব আলী (৪৫) বুলি পৰিচয় পোৱা গৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
