চিৰাং, ০৬ ছেপ্টেম্বৰ (হি.স.)। বিজনীৰ ১৯ নং থুৰিবাৰী সমষ্টিৰ অগপৰ প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ে প্ৰত্যাহাৰ কৰিলে কৰিলে মনোনয়ন পত্ৰ।
অগপৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে মিত্ৰতাৰ খাতিৰত এই সিদ্ধান্ত। সমষ্টিটোত ভোট বিভাজন হৈ যাতে বিৰোধী শক্তি জিকি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত বুলি মন্তব্য পাৰ্থজিৎ ৰায়ৰ।
উল্লেখ্য, এইবাৰ বিটিচি নিৰ্বাচনত চাৰিটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছিল অসম গণ পৰিষদে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
