যোৰহাট, ১৯ জুলাই (হি.স.)। এদিনৰ বাবে যোৰহাটৰ দুই ছাত্ৰী হল জিলা আয়ুক্ত। তিতাবৰ প্ৰাগজুতিকা ৰ ছাত্ৰী সঞ্চিতা বৰুৱা আৰু যোৰহাটৰ চি কে বি কলেজৰ ছাত্ৰী গিতাশ্ৰী শৰ্মা এদিনৰ বাবে কেনেকৈ হল জিলা আয়ুক্ত ! যোৰহাটৰ মহিলা আৰু শিশু কল্যাণ বিভাগে আয়োজন কৰিছিল এদিন জিলা আয়ুক্ত হিচাপে শীৰ্ষক এক ৰচনা প্ৰতিযোগিতা। ইয়াত অংশগ্ৰহণ কৰি এই দুই ছাত্ৰীয়ে শীৰ্ষ স্থান লাভ কৰিছিল।
ইয়াত প্ৰতিফলিত হৈছিল তেওঁলোক যে একোগৰাকী প্ৰশাসনীয় বিষয়া হোৱাৰ আগ্ৰহ আৰু মন আছে। যাৰ বাবে যোৰহাট জিলা আয়ুক্ত জয় শিবাণীয়ে আজিৰ দিনটো প্ৰশাসনৰ কাম কাজ, ভি চি আদিৰ আভাস দিয়ে। লগতে ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ কাম কাজ আৰু জিলা প্ৰশাসনৰ বিভিন্ন কাম কাজ পয্যবেক্ষণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
