কাছাৰ, ৩০ জুলাই (হি.স.)। কাছাৰত নৈত পৰি এজন লোকৰ মৃত্যু হয়। কাছাৰ জিলাৰ সোনাই দক্ষিণ মোহনপুৰত বাঁহৰ সাকো পাৰ হোৱাৰ সময়ত নৈত পৰি সোনাই পৌৰসভাৰ সাফাই কৰ্মী মিটুল দাসৰ মৃত্যু হয় ।
প্ৰাপ্ত খবৰ মতে, নিশা সোনাই আমজুৰ নৈৰ ওপৰত থকা এখন বাহঁৰ সাকো পাৰ হৈ ঘৰত যোৱাৰ সময়ত হঠ্যৎ ভৰি পিছলি বাহঁৰ সাকোৰ পৰা নৈত পৰি যায় । ঘটনা পাছত স্থানীয় লোকে প্ৰায় ২ ঘণ্টা নৈৰ পানীত সন্ধান চলাই লোকজনৰ মৃতদেহ দেহ উদ্ধাৰ কৰে । পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
