ইম্ফল, ১৩ নৱেম্বৰ (হি.স.)। মণিপুৰত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে নিৰাপত্তা বাহিনীয়ে কাংপকপি জিলাৰ প্ৰায় ৫৬ একৰ মাটিত উৎপাদিত অবৈধ আফিং শস্য ধ্বংস কৰে।
আৰক্ষীৰ এগৰাকী মুখপাত্ৰই আজি উল্লেখ কৰে যে থংলাং আকুটপা আৰু ছংজাং পাহাৰৰ মাজৰ অঞ্চলৰ লগতে কাংচুপ থানাৰ অন্তৰ্গত আৱালমুন গাঁৱত আফিং খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈছে।
নিৰাপত্তা বাহিনীয়ে লগতে ১৯টা খেতিৰ জুপুৰি, ১০ বেগ সাৰ আৰু খেতিত ব্যৱহাৰ কৰা ৯ বেগ নিমখ আদিও ধ্বংস কৰে।
বিষয়াসকলে কয় যে এই পদক্ষেপ ৰাজ্যখনত অবৈধ ড্ৰাগছৰ খেতি আৰু ইয়াৰ লগত জড়িত নেটৱৰ্কসমূহ ধ্বংস কৰাৰ বাবে চলি থকা অভিযানৰ অংশ। এই দিশত নিবিড় তদন্ত আৰু চোৰাংচোৱাগিৰি অব্যাহত থাকিব বুলি নিৰাপত্তা সংস্থাসমূহে উল্লেখ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
