গোলাঘাট, ৩০ ছেপ্টেম্বৰ (হি.স.): শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত যোৱাকালি সোমবাৰে সন্ধিয়াৰ পৰা গোলাঘাট বাটা পইন্টত ৩১ টা জাতীয় জনগোষ্ঠীয় ঐক্য সমন্বয় মঞ্চ, গোলাঘাটে তিনিদিনীয়াকৈ এক বিশাল গণ স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰিছে।
জুবিন গাৰ্গক ন্যায় দিয়ক, জুবিন গাৰ্গৰ প্ৰতি ন্যায়ৰ দাবীত এই গণ স্বাক্ষৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি গণ স্বাক্ষৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
