দৰং, ২০ অক্টোবৰ (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ দৰঙৰ ছিপাঝাৰৰ পৰা ৰাওনা হৈছে এখন বিশেষ বাছ। ছিপাঝাৰৰ দুমুনীচকী অঞ্চলৰ পৰা যাত্ৰা আৰম্ভ কৰা এই বাছখন কিন্তু আজি ব্যতিক্ৰম। কাৰণ বাছখনত থকা যাত্ৰী সকলৰ আৰ্থিক অৱস্থা অতিকে দুৰ্বল। যাৰ বাবে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাৰ অযুত হেঁপাহ পুহি ৰখা এইসকল যাত্ৰীৰ যাতায়তৰ বাবে এই বাছখনৰ ব্যৱস্থা কৰি দিছে এগৰাকী সু-হৃদয়বান ব্যক্তিয়ে। অঞ্চলটোৰে সু-হৃদয়বান ব্যক্তি মহচিন আলিয়ে এই সকল জুবিন অনুৰাগীৰ যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ পাই যথেষ্ট উৎসাহিত আনন্দিত হৈ পৰিছে ।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
