লণ্ডন, ৩০ জুলাই (হি.স.)। ইংৰাজী ফুটবল ক্লাব এভাৰটনে বায়াৰ্ন মিউনিখৰ পৰা ১৯ বছৰীয়া মৰক্কোৰ আন্তঃৰাষ্ট্ৰীয় ডিফেণ্ডাৰ এডাম আজানৌক ক্ৰয় কৰিছে।
বাওঁফালৰ ফ্লেংকত খেলা আজানৌৱে ক্লাবটোৰ সৈতে চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে। যদিও ট্ৰেন্সফাৰ মাচুলৰ বিষয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ধনৰাশি প্ৰায় ৮০ লাখ পাউণ্ড (প্ৰায় ১০.৭ মিলিয়ন মাৰ্কিন ডলাৰ) বুলি ধাৰণা কৰা হৈছে।
দেওবাৰে আমেৰিকাত অনুষ্ঠিত হোৱা প্ৰি-ছিজন প্ৰীতি মেচত বৰ্ণমাউথৰ হাতত পৰাস্ত হোৱাৰ পিছত এভাৰটনৰ প্ৰশিক্ষক ডেভিদ ময়েছে আজানুৰ প্ৰতি আগ্ৰহ নিশ্চিত কৰে।
যোৱা ছিজনত বায়াৰ্ন মিউনিখৰ ছিনিয়ৰ দলৰ হৈ চাৰিখন মেচ খেলিছিল আজানুৱে, তাৰ পিছত ছিজনৰ দ্বিতীয়াৰ্ধত তেওঁক ঋণত লা লিগা ক্লাব ভেলাডলিডলৈ পঠিওৱা হৈছিল, য’ত তেওঁ ১৩খন মেচত অংশগ্ৰহণ কৰিছিল।
এভাৰটনৰ অফিচিয়েল ৱেবছাইটত আজানুৱে নিজৰ সুখ প্ৰকাশ কৰি কয় যে, মই ইয়াত উপস্থিত হৈ অতি সুখী আৰু এই দলৰ অংশ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো। মোক যি প্ৰকল্প দিয়া হৈছে সেয়া কল্পনাতীত। প্ৰিমিয়াৰ লীগ হৈছে বিশ্বৰ শ্ৰেষ্ঠ লীগ আৰু মই ইয়াক আৰম্ভ কৰিবলৈ অতিশয় উৎসাহিত।
নতুন এভাৰটন ষ্টেডিয়ামৰ সন্দৰ্ভত তেওঁ কয়, এই ষ্টেডিয়ামখন অতি সুন্দৰ। ই এটা ভাল অনুভৱ দিয়ে আৰু ই আমাৰ অনুৰাগীৰ বাবেও অতি উত্তম। ই আমাৰ বাবে নিখুঁত।
প্ৰশিক্ষক ডেভিদ ময়েছে লগতে কয় যে নতুন প্ৰিমিয়াৰ লীগৰ ছিজনৰ বাবে প্ৰস্তুতি চলাবলৈ ক্লাবটোক এতিয়াও আৰু প্ৰায় পাঁচজন খেলুৱৈৰ প্ৰয়োজন।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
