
লক্ষীমপুৰ, ২৬ নৱেম্বৰ (হি.স.): অসমৰ ডিব্ৰুগড় লাহোৱালৰ ৰমাই চাহ বাগিচাৰ ১৫ জন শ্ৰমিক, শিশু শ্ৰমিকক অৰুণাচল প্ৰদেশৰ পৰা পৰিয়ালৰ লোকসকলে আজি উদ্ধাৰ কৰে। এইক্ষেত্ৰত এই শ্ৰমিকসকলক প্ৰবঞ্চনাৰে অৰুণাচললৈ প্ৰেৰণ কৰা হৈছিল বুলি লখিমপুৰ জিলাৰ বৰচলাৰ আব্দুল আলী নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। পৰিয়াল তথা শ্ৰমিক সকলৰ অভিযোগ অনুসৰি আব্দুল আলীয়ে ধেমাজীত কাম কৰিবলৈ বুলি কৌশলৰে শ্ৰমিক সকলক ভয় ভাবুকিৰে অৰুণাচল প্ৰদেশৰ পালিনলৈ লৈ যায় ৷ শ্ৰমিক সকলে পৰিয়ালৰ লোকৰ পৰা সুদলৈ পইচা আনি পালিন থানত খৰছৰ বাবাদ নগদ ১,৪০,০০০/- জমা দি মোকোলাই আনে ৷ এই ক্ষেত্ৰত হাৰমতী চাহ জনজাতি ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় চাহ জনজাতি ছাত্ৰ সন্থাৰ সুৰজ তাতী আৰু হেমন্ত কুজুৰৰ নেতৃত্বত এই উদ্ধাৰ অভিযান তৎপৰতাৰে কৰা হয় ৷ ইতিমধ্যে শ্ৰমিক দালাল আব্দুল আলীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
