মিয়ামি, ২৬ নৱেম্বৰ (হি.স.)। পৰ্তুগীজ ছুপাৰষ্টাৰ ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে বৃহৎ ৰেহাই লাভ কৰিছে । মঙলবাৰে বিশ্ব ফুটবল শাসক সংস্থা ফিফাই তেওঁৰ ওপৰত আৰোপ কৰা তিনিখন খেলৰ নিষেধাজ্ঞা হ্ৰাস কৰি দুখন মেচৰ বাবে “নিলম্বিত নিষেধাজ্ঞা”লৈ হ্ৰাস কৰে। অৰ্থাৎ ৰোনাল্ডোৱে এতিয়া বিশ্বকাপৰ উদ্বোধনী মেচত খেলিব পাৰিব।
নৱেম্বৰৰ আৰম্ভণিতে ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলৰ সময়ত দাৰা অ’শ্বিয়াক কঁকালত আঘাত কৰাৰ বাবে ৰোনাল্ডোৱে ৰঙা কাৰ্ড লাভ কৰিছিল। সেই মেচখনত পৰ্তুগালে ০-২ গ’লত পৰাস্ত হয়। ২২৬খন আন্তঃৰাষ্ট্ৰীয় খেলত এইটোৱেই আছিল ৪০ বছৰীয়া কিংবদন্তিগৰাকীৰ প্ৰথমটো ৰঙা কাৰ্ড।
ফিফাই তিনিখন মেচৰ নিষেধাজ্ঞা জাৰি কৰিছিল, ইয়াৰে ৰোনাল্ডোৱে ইতিমধ্যে এখন মেচ সেৱা আগবঢ়াইছে, কিয়নো পৰ্তুগালে আৰ্মেনিয়াক পৰাস্ত কৰি ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
ফিফাৰ এক বিবৃতিত কোৱা হৈছে যে ফিফাৰ অনুশাসন সংহিতাৰ ২৭ নং অনুচ্ছেদ অনুসৰি বাকী দুখন মেচৰ নিষেধাজ্ঞা এবছৰৰ বাবে পৰীক্ষামূলক সময়ৰ বাবে স্থগিত ৰখা হৈছে।
সেই অনুসৰি এই এবছৰৰ ভিতৰত যদি ৰোনাল্ডোৱে একেধৰণৰ গুৰুতৰ উলংঘা কৰে তেন্তে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন প্ৰত্যাহাৰ কৰা হ’ব আৰু তেওঁ দুখন মেচৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব।
১৪৩টা গ’ল দি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বকালৰ আগশাৰীৰ স্ক’ৰাৰ ৰোনাল্ডোৱে অহা বছৰ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠখন বিশ্বকাপত খেলাৰ বাবে সাজু হৈছে। যদিও তেওঁ এতিয়াও বিশ্বকাপৰ ট্ৰফী লাভ কৰিব পৰা নাই, তথাপিও তেওঁ ইউৰো ২০১৬ৰ খিতাপ দখল কৰিছে।
৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ পৰ্যায়ৰ ড্ৰ’।
हिन्दुस्थान समाचार / অৰৱিন্দ
