ডিব্ৰুগড়, ২৬ জুন (হি.স.)। অনাদৃত অৱহেলিত অসমৰ দুই জনগোষ্ঠীয় নেতা সন্তুষ কুমাৰ তপ্ন আৰু চাইমন সিঙ হৰৰ স্মৃতি উদ্যান। চাহ জনগোষ্ঠীৰ এই দুই পুৰোধা ব্যক্তিৰ স্মৃতিত ডিব্ৰুগড়ত আছে এখন উদ্যান।
ডিব্ৰুগড় চাউলখোৱা চাহ জনগোষ্ঠী সাংস্কৃতিক কেন্দ্ৰৰ চৌহদতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক এই দুই সভাপতি সম্পাদকৰ স্মৃতি উদ্যানখন। যিখন উদ্যানত আছে এই দুই নেতাৰ দুটা পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি। ২০২০ চনতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত স্থাপন কৰা হৈছিল এই উদ্যানখন।
আটক ধুনিয়াকৈ নিৰ্মাণ কৰা এই উদ্যানখনৰ আজিৰ অবস্থা অতি দুখলগা। হাবি বননিৰে পৰিপূৰ্ণ উদ্যানখন আজি এক পৰিত্যক্ত স্হানলৈ পৰিনত হৈছে।অৱহেলিত হৈ পৰি ৰৈছে দুই মহান নেতাৰ প্ৰতিমূৰ্ত্তিও।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
