কামৰূপ, ১৯ নৱেম্বৰ (হি.স.)। বকোৰ উপ ডাকঘৰত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ডৰ এক ঘটনা সংঘটিত হৈছে। ডাকঘৰৰ দুৱাৰ ভাঙি লকাৰ লৈ যায় চোৰে। লকাৰত আছিল ৬০ হাজাৰ টকা।
পোষ্টেজ ষ্টাম্প ২২ শ টকাৰ আৰু কিছু ৰেভিনিউ ষ্টাম্প চুৰি কৰি নিয়ে চোৰে। এই ঘটনাৰ পিছত ডাকঘৰ কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।ঘটনাৰ খবৰ লাভ কৰি বকো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি অঞ্চলটোত দিনক দিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে আৰু পূৰ্বেও এনেধৰণ চুৰিৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোত আৰক্ষীৰ পহৰা অধিক কৰিবলৈও প্ৰশাসনক দাবী জনায় স্থানীয় লোকসকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
