আইজল, ২৯ জুলাই (হি.স.)। মিজোৰামক নিৰাপদ কৰিড’ৰ হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। বিশেষকৈ, প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা প্ৰতিদিনে মিজোৰামৰ চাম্পাই জিলাৰ মাজেৰে কৌটি কোটি টকাৰ হেৰ’ইন, য়াবা তথা মেথামফেটামাইন টেবলেট আদি নিচাজাতীয় সামগ্ৰী ভাৰতলৈ সৰবৰাহ কৰা হয়। এই নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে মিজোৰাম আৰক্ষী, অসম ৰাইফলছ আৰু কেন্দ্ৰীয় আবকাৰী শুল্ক বিভাগে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে।
এই অভিযানৰ অংশ হিচাপে অসম ৰাইফলছে মিজোৰামৰ ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰ জোখাৱথৰ (Zokhawthar) এলেকাত অভিযান চলাই বুজণ পৰিমাণৰ হেৰ’ইন আৰু মেথামফেটামাইন টেবলেট জব্দ কৰিছে। অসম ৰাইফলছৰ এক সূত্ৰই সদৰী কৰা অনুসৰি,গোপন খবৰৰ ভিত্তিত জোখাৱথৰত অভিযান চলাই ১.০৪১ কেজি হেৰ’ইন আৰু ৯.৩৮১ কেজি নিচাজাতীয় মেথামফেটামাইন (য়াবা) টেবলেট জব্দ কৰা হয়। জব্দ কৰা নিচাজাতীয় সামগ্ৰী খিনিৰ আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত মুল্য প্ৰায় ৪০.০৫ কোটি টকা। এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী খিনি প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা চোৰাং ভাবে ভাৰতলৈ সৰবৰাহ কৰিছিল আন্তঃৰাষ্ট্ৰীয় চোৰাং ড্ৰাগছ ব্যৱসায়ীয়ে। জব্দ কৰা ড্ৰাগছ সমুহ পিছত নাৰ্কোটিকছ কন্ত্ৰোল ব্যুৰুক গতাই দিয়া হয়।
উল্লেখযোগ্য যে প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ চিন প্ৰদেশত নিষিদ্ধ ড্ৰাগছ, চোৰাং বন্যপ্ৰাণী আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ এক শক্তিশালী ঘাটি গঢ়ি উঠিছে। তাৰপৰাই আন্তঃৰাষ্ট্ৰীয় এটি শক্তিশালী চক্ৰই মিজোৰামৰ মাজেৰে অবৈধ সামগ্ৰী সমুহ সৰবৰাহৰ ক’লা বজাৰ খন নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে। চোৰাং চোৱাৰ এক সূত্ৰৰ মতে,এই চোৰাং আৰু নিষিদ্ধ সামগ্ৰী সমুহ ভাৰতলৈ সৰবৰাহৰ বাবে চুবুৰীয়া ৰাজ্য মিজোৰামৰ ছয় খন জিলা বাচি লয় চোৰাং ব্যৱসায়ীয়ে। ম্যানমাৰৰ সৈতে সংলগ্ন উন্মুক্ত ৫১০ কিমি এলেকাত অৱস্থিত এই জিলা কেইখন ক্ৰমে চাম্পাই, ছিয়াহা, লঙট্লাই (Lawngtlai), হ্নানাহথিয়াল (Hnahthial), ছাইটুৱাল আৰু ছাৰছিপ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
