–বহুকেইগৰাকী জোৱান আহত
গোলাঘাট, ০৪ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত যোৱা নিশা প্ৰায় ৮-৩০ মান বজাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ইয়াকে লৈ আৰক্ষী একাডেমী খনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
ঘটনা সৰ্ন্দভত জানিব পৰা মতে, দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা মণিপুৰৰ কুকি আৰু মেইটে সম্প্ৰদায়ৰ প্ৰশিক্ষাথীৰ মাজত প্ৰথম অৱস্থাত এক কাজিয়াৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত হোৱা কাজিয়াই কিছু সময়ৰ পিছত ভয়াৱহ ৰূপ লয় আৰু দুটা গোটৰ প্ৰশিক্ষণাথীৰ মাজত প্ৰচণ্ড মাৰপিট লাগে। প্ৰাপ্ত তথ্যমতে, কাজিয়াত লিপ্ত হোৱা ফৈদ দুটাই ফৈদৰ প্ৰশিক্ষাৰ্থী সকলে অনান্য সকলক খবৰ দি দিয়ে আৰু সকলো আহি জধেমধে নিজৰ নিজৰ মাজত মাৰপিট আৰম্ভ কৰে। এই মাৰপিটত দুয়োটা ফৈদে চোকা অস্ত্ৰ দা-কটাৰি লৈ ইজনে সিজনক আক্ৰমন কৰিব আৰম্ভ কৰে। ঘটনাটোত বহু প্ৰশিক্ষাথী কম বেছি পৰিমানে আঘাটপ্ৰাপ্ত হয়। অধিক আঘাট পোৱা সাতগৰাকী মণিপুৰ আৰক্ষীৰ জোৱানক দেৰগাঁৱৰ সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঘাটপ্ৰাপ্ত কেইজনমানক যোৰহট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে যিখন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত হাজাৰ হাজাৰ পুলিচ থাকে বহু জ্যেষ্ঠ বিষয়া থাকে তাত কিদৰে এনেদৰে চোকা অস্ত্ৰ লৈ তয়াময়া ৰণ লাগিল সেইয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। প্ৰশিক্ষণাৰ্থীসকলে চোকা অস্ত্ৰ কি কাৰণত মজুত কৰি ৰাখিছিল সেইয়ও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। জানিব পৰা মতে, বৰ্তমানেও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ভিতৰৰ বিভিন্ন গোটত অধিক উত্তেজনা অব্যাহত আছে।
