গোলাঘাট, ২৫ আগষ্ট (হি.স.): গোলাঘাটৰ দেৰগাঁৱত যোৱা কালি দেওবাৰে বিয়লি পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয় । দেৰগাঁৱত আত্মহত্যাৰ ঘটনাই এক ধাৰাবাহিক ৰূপ লোৱা পৰিলক্ষিত হৈছে।
পুনৰ দেওবাৰ বিয়লি দেৰগাঁও নাহৰণি সমীপৰ বেজগাৱঁত সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা। এগৰাকী ষষ্ঠমান শ্ৰেণীত অধ্য়ায়ণৰত ছাত্ৰীয়ে আত্মহত্য়া কৰে। যুৱতীগৰাকীয়ে নিজ পিতৃৰ ঘৰতে চিপলৈ আত্মহত্যা কৰে। শিখামনি কলিতা নামৰ ছাত্ৰীগৰাকী ঘৰখনৰ একমাত্ৰ ছোৱালী আছিল। আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত দেৰগাঁও আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
