মানকাচৰ, ০১ জানুৱাৰী ডিচেম্বৰ (হি.স.)। বছৰৰ প্ৰথমটো দিনাই মানকাচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। আনহাতে দুৰ্ঘটনাটোত আহত হয় আন এজন লোক।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত কালাপাৰাত তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়ালে বাইক আৰোহীক। থিতাতে নিহত এগৰাকী বাইক আৰহী আৰু আন এজনৰ অৱস্থা সংকটজনক। নিহত ব্যক্তি গৰাকী টেপৰ পাৰা গাওঁৰ আকতাৰ আলীৰ পুত্ৰ আজিজুৰ ৰহমান বুলি জনা গৈছে। ঘটনা স্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
