ধুবুৰী, ধুবুৰী জিলাৰ চাপৰত অব্যাহত আছে চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এইবাৰ শালকোচা আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে তিনিটাকৈ চোৰাং গৰু।
বৃহস্পতিবাৰ ৰাতি এক গোপন খৱৰৰ ভিত্তিত শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত দুধনাথ পাহাৰত অভিযান চলাই তিনিটাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী অহাৰ উমান পাই চোৰাং গো-সৰবৰাহকাৰীয়ে পলায়ন কৰে। ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষী তদন্ত অব্যাহত আছে।
