যোৰহাট,১২ ফেব্ৰুৱাৰী : এখন ট্ৰাক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় । মৰিয়নি মোককচাং পথৰ নাগাজাংকাত ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা সংঘটিত হয়।
নগালেণ্ডৰ পৰা অসমলৈ অহা এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়৷ চি চি টিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ ভয়ঙ্কৰ দৃশ্য৷ দুৰ্ঘটনাত চালক হেণ্ডিমেন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকীও পথচাৰীৰ। দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক খনৰ নম্বৰ এনএল ০২ কিউ ৭৪১৯।
