–সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণ পৰে ৪ দিনীয়া কাৰ্য্যসূচীৰ
বজালী, ১৬ নৱেম্বৰ : বজালী পুঠিমাৰী মৈৰামভিঠাত ৭৯ সংখ্যক শ্যামা পূজা এইবাৰ ৪ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিছিল। প্ৰতিদিনে বিভিন্ন অনুষ্ঠানেৰে জাকজমকতা সৃষ্টি হৈ আছিল। যোৱা নিশা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সামৰণি পৰে শ্যামা পূজা মহোৎসৱৰ।
প্ৰতিবছৰৰ সমান্তৰালকৈ নৈ পৰিয়া অঞ্চলটোত উলহ-মালহেৰে অনুষ্ঠিত পূজা মহোৎসৱত বজালীৰ বিভিন্ন প্ৰান্তৰ পৰা লোক উপস্থিত থকা পৰিলক্ষিত হয়। যোৱা নিশা সাংস্কৃতিক অনুষ্ঠানৰে শুভাৰম্ভ অনুষ্ঠানত আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড০ ৰঞ্জিৎ ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৃদুল তালুকদাৰ সহিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
