-ৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি জে পি নড্ডাই প্ৰকাশ কৰিলে বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ
গেংটক, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি পুৱা ছিকিম বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ সংকল্প পত্ৰ (নিৰ্বাচনী ইস্তাহাৰ) প্ৰকাশ কৰে। ৰাজধানী গেংটকৰ মনন ভৱন কেন্দ্ৰত জাৰি কৰা ইস্তাহাৰত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ ভোটাৰক ছিকিমক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে।
কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্যখনত বিশ্বমানৰ আই আই এম স্থাপন কৰা হ’ব বুলি সংকল্প পত্ৰত প্ৰতিশ্ৰুতি দিয়া হৈছে। যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ৰাজ্যৰ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট গঠন কৰা হ’ব। ৰাজ্যৰ কৃষকসকলৰ কল্যাণৰ বাবে এই দলটো দায়বদ্ধ। পি এম-কিছান আঁচনিৰ অধীনত কৃষকসকলে বছৰি ৫০০০ টকাৰ নগদ সুবিধা লাভ কৰিব।
সংবাদমেলত জে পি নড্ডাই কয় যে কৃষি আন্তঃগাঁথনি অভিযানৰ বাবে ৫০০ কোটি টকাৰ পুঁজি স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা কৃষি আন্তঃগাঁথনি উন্নত হ’ব। ছিকিমত আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান স্থাপন কৰা হ’ব। ৰাজ্যৰ মহিলাসকলক সৱলীকৰণ কৰি ১৫,০০০ লাখপতি বাইদেউ গঢ়ি তোলা হ’ব।
ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া হৈছে যে পাঁচ বছৰৰ ভিতৰত ছিকিমৰ মহিলা আৰু যুৱক-যুৱতীসকলৰ বাবে ২৫ হাজাৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হ’ব। ‘আম্মা কমিউনিটি কেন্টিন’ও স্থাপন কৰা হ’ব। ইয়াৰ ৰাইজক ৰাজসাহায্যযুক্ত খাদ্য যোগান ধৰা হ’ব। এই কেন্টিন মহিলাৰ দ্বাৰা পৰিচালিত হ’ব।
পথ, ৰে’ল আৰু বিমানপথৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ সমন্বিত ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ‘চিকিম গতি শক্তি মাষ্টাৰ প্লেন’ আৰম্ভ কৰা হ’ব। এই উপলক্ষে ৰাজ্যৰ সকলো বিশিষ্ট বিজেপি নেতা উপস্থিত থাকে।
