তামুলপুৰ,১১ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰত পুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৷ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত নিশা গোলকগঞ্জত জোৰ সমদল উলিওৱাত আন্দোলনকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিবাদতে পুৱাই তামুলপুৰত আক্ৰাছুৰ প্ৰতিবাদ।
এই ঘটনাক কেন্দ্ৰ কৰি আক্ৰাছুই তীব্ৰ গৰিহনা জনাই আজি পুৱা তামুলপুৰৰ ৰঙিয়া ভুটান ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, অসম আৰক্ষী মুৰ্দাবাদ, ধুবুৰী জিলা প্ৰশাসন হায় হায়, আমাক এছ টি লাগিবই, আক্ৰাছু জীন্দাবাদ আদি ধ্বনিৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।
প্ৰতিবাদস্থলীৰ পৰাই ধুবুৰী জিলা আৰক্ষী অধীক্ষকক নিলম্বন কৰাৰ বাবে দাবী জনাই কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
