গুৱাহাটী, ০৯ নৱেম্বৰ (হি.স.)। এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে চাউলেৰ লগতে সুলভ মূল্যত লাভ কৰিব চেনী, নিমখ আৰু মচুৰ দাইল। উপভোক্তাসকলে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰতিমাহে লাভ কৰিব ১কিলোগ্ৰাম চেনী, ১কিলো নিমখ আৰু ১কিলো মচুৰ দাইল। ইয়াৰ বাবে আদায় দিব লাগিব ১১৭ টকা।
উল্লেখ্য যে চলিত ১০ নৱেম্বৰ, ২০২৫ৰ পৰা ৰাজ্যৰ কেইবালাখো পৰিয়ালে লাভ কৰিব এই সামগ্ৰী। ২০২৫ৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰতি কিলো চেনিত ৩৮টকা, প্ৰতি কিলো নিমখত ১০টকা আৰু প্ৰতি কিলো মচুৰ দাইলত ৬৯টকাকৈ লাভ কৰিব ৰাইজে। অৱশ্যে ২০২৬ৰ পৰা হ্ৰাস পাব এই সামগ্ৰী তিনিবিধৰ মূল্য।
প্ৰাপ্ত তথ্যমতে, ২০২৬ৰ জানুৱাৰীৰ পৰা ১কিলো মচুৰ দাইলৰ দাম হ’ব ৬০টকা, এক কিলো চেনিৰ দাম হ’ব ৩০টকা আৰু ১কিলো নিমখৰ দাম পূৰ্বৰ ১০টকাত লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। এইদৰে ১০০ টকাতে লাভ কৰিব এই তিনিবিধ সামগ্ৰী। উল্লেখ কৰা প্ৰয়োজন যে, এই তিনিওবিধ সামগ্ৰী বিশেষ ভাৱে তৈয়াৰী ১কিলোগ্ৰাম আকাৰৰ পেকেটত উপলদ্ধ হ’ব।
প্ৰতিমাহৰ ১ৰ পৰা ১০তাৰিখৰ ভিতৰত ৰেচন কাৰ্ড থকা পৰিয়ালে চাউলৰ লগতে সংগ্ৰহ কৰিব লাগিব এই সামগ্ৰী। কিন্তু আৰম্ভণিৰ নৱেম্বৰ মাহত ১০ৰ পৰা ১৯তাৰিখৰ ভিতৰত সুলভ মূল্যৰ দোকানত উপলদ্ধ হ’ব এই সামগ্ৰীখিনি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
