নগাঁও, ২৬ আগষ্ট (হি.স.): নগাঁৱৰ জখলাবন্ধা ৰে’লগেটৰ সমীপত আৰু বাঘজান কুকুৰাকটা পাহাৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত নিশা প্ৰায় ১০ মান বজাত গুলীয়া গুলীৰ ঘটনা সংঘটিত হয় । স্থানীয় লোকে জানিব দিয়া মতে জখলাবন্ধা আৰক্ষীয়ে ৰে’লগেটৰ সমীপত এখন বিলাসী বাহনক ৰ’বলৈ ইংগিত দিয়াত গাড়ীখনে তীব্ৰে বেগে আঁতৰি যাবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে এ এছ ০৩ এ ই ৮১৪৩ নম্বৰৰ টিয়াগ’ গাড়ীখনলৈ লক্ষ্য কৰি দুই জাই গুলী নিক্ষেপ কৰে ৷ গুলীৰ শব্দ শুনি বাহন খন পলায়ন কৰাত আৰক্ষীয়ে টি’য়াগ’ বাহনখন অনুসৰণ কৰাত কুকুৰা কটা পাহাৰৰ সমীপত আৰক্ষীৰ বাহন খনলৈ লক্ষ্য কৰি টিয়াগ বাহন খনৰ পৰা কেইবাজাই গুলী ফুটাই পুনৰ পলায়ন কৰে টিয়াগ বাহন খন।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰা প্ৰাথমিক প্ৰতিক্ৰিয়া জানিব বিচৰাত আৰক্ষীয়ে বিষয়টো সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখাৰ চেষ্টা চলাই যদিও নিশা চাৰে এঘাৰ বজাত আৰক্ষীয়ে স্বীকাৰ কৰে ঘটনাৰ সত্যতা। জখলাবন্ধা আৰক্ষীয়ে বাগৰি আৰক্ষীৰ সহযোগত বাগৰিত বিলাসী বাহন খন জব্দ কৰাৰ লগতে বাহন খনৰ চাৰি আৰোহীক আটক কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিব দিয়ে। নিশা ঘটনা স্থলীত সাংবাদিকে গুলীৰ উৎস বিচাৰি অভিযান চলোৱাত কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়াই সাংবাদিকক জানিব দিলে ঘটনাৰ সত্যতা। জখলাবন্ধা আৰক্ষী থানা এলেকাধীন বাগৰিৰ পৰা টিয়াগ বাহনসহ আটক কৰা যুৱক চাৰিজন হ’ল ক্ৰমে যোৰহাট পুলিবৰ আৰু টিয়ক থানাৰ অন্তৰ্গত বাবু আলি(২৭), বুটু আলি(২৮), ছাইদুৰ ৰহমান(২৫) আৰু নাজিৰ আলি(৩০) । আৰক্ষীয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
