বৰপেটা, ২৫ জুলাই (হি.স.): বজালী জিলাৰ অন্তৰ্গত হকাৰটুপ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধে গাঁওখনৰে এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে কেইদিনমান পূৰ্বে হকাৰটুপ গাঁও নিৱাসী বিচিত্ৰ ৰয়ে ঘৰত কোনো নথকাৰ সুযোগ বুজি আৰু চকলেট দিয়াৰ প্ৰলোভন দি গাঁওখনৰে এগৰাকী কিশোৰীক নিজৰ বাসগৃহলৈ মাতি নি অপকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ১২ বছৰীয়া কিশোৰীগৰাকীয়ে আইতাকৰ লগত ভুই ৰুৱলৈ যোৱা অৱস্থাত ৰাস্তাৰ পৰা চকলেট আৰু টকা দিয়াৰ চলেৰে বিচিত্ৰ ৰয়ে নিজৰ বাসগৃহত মাতি নি ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ লগতে কিশোৰীগৰাকীয়ে কেবাবাৰো বাধা প্ৰদান কৰাৰ পাছতো অপকৰ্মত লিপ্ত হয় ৷ ইয়াৰ পাছতে পৰিয়ালৰ তৰফৰ পৰা ঘটনা সন্দৰ্ভত বাঘমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ৬০ বছৰীয়া বিচিত্ৰ ৰয়ক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷
ইপিনে বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাই সংবাদমাধ্যমৰ আগত অভিযুক্ত বিচিত্ৰ ৰয়ে ঘটনা সন্দৰ্ভত ভুল স্বীকাৰ কৰা বুলি উল্লেখ কৰে ৷ আনহাতে অধিক তদন্তৰ বাবে ভুক্তভোগী পৰিয়ালটোৰ বাসগৃহত দণ্ডাধীশৰ লগতে বাঘমাৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
