
তামুলপুৰ, ১৯ ছেপ্তেম্বৰ (হি.স.)। সমাগত বিটিচি নিৰ্বাচন উপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৱে প্ৰাৰ্থী সকলৰ প্ৰতিনিধি সকলৰ সৈতে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় দ্বিতীয়খন পৰ্যালোচনামূলক সভাত অংশ লয়। প্ৰথমখন পৰ্যালোচনামূলক সভা যোৱা ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল।
আজিৰ সভাত জিলা খনৰ পাঁচোটা পৰিষদীয় সমষ্টি, ২৬-দৰঙাজুলি (জনজাতি), ২৭-নাগ্ৰীজুলি (অজনজাতি), ২৮-গয়বাৰী (জনজাতি), ২৯-শুক্লাই ছেৰফাং (জনজাতি) আৰু ৩০-গোৰেশ্বৰ (জনজাতি)-ৰ প্ৰাৰ্থী সকলৰ প্ৰতিনিধি সকলে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় হিচাপ-নিকাচ সমূহ পৰ্যৱেক্ষকদ্বয়ৰ সন্মুখত দাঙি ধৰে। পৰ্যৱেক্ষক সকলে তেওঁলোকক প্ৰয়োজনীয় দিহা-পৰামৰ্শ সমূহ আগবঢ়োৱাৰ উপৰি তেওঁলোকে আশা প্ৰকাশ কৰে, যাতে প্ৰাৰ্থী সকলৰ নিৰ্বাচনী ব্যয় নিৰ্ধাৰিত সীমাৰ ভিতৰতে সম্পন্ন হয়। উল্লেখ্য যে নিৰ্বাচনী ব্যয় সন্দৰ্ভত তৃতীয়খন সভা অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
