ওদালগুৰি,। ওদালগুৰিৰ মাজবাট আঞ্চলিক বন বিভাগৰ সফল অভিযান ।অভিযানত বৃহৎ সংখ্যক অবৈধ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ বন কৰ্মীৰ দলৰ ।
কালি নিশা মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰীৰ হাতত অহা এক গোপন খৱৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন সংমণ্ডলৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত চিকাৰীডাংগাৰ বেলচী নালা অঞ্চলত চলোৱা অভিযানত ১১৯ কেবি কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় । অৰুণাচল দিশৰ পৰা ট্ৰেক্টৰেৰে চোৰাংকৈ সৰবৰাহ কৰি থকা অৱস্থাতে বন কৰ্মীৰ দলে এই মূল্যবান হালদীচাপ কাঠ খিনি জব্দ কৰে ।জব্দকৃত কাঠ খিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় ৩ লাখ টকা হ”ব বুলি অনুমান কৰিছে বন বিভাগৰ ৰেঞ্জাৰে ।
