ইম্ফল, ৩০ আগষ্ট (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে দুটা পৃথক অভিযানৰ সময়ত ড্ৰাগছসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে অভিযান চলাই হেংবুং আৰক্ষী চকীৰ জোৱানসকলে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। কাংপোকপি জিলাৰ টি গামনোম গাঁৱৰ বাসিন্দা পাওগাউলাল টাউথাং (২২) বুলি জানিব পৰা গৈছে। তেওঁৰ পৰা ২০৫ টা প্লাষ্টিকৰ চাবোনৰ বাকচত ২.৮১৬ কেজি ব্ৰাউন চুগাৰ, নগদ ২.৫ লাখ টকা, এখন চাৰিচকীয়া বাহন, ম’বাইল, পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে।
একেদৰে আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে সেনাপতি জিলাৰ মাওগেট আৰক্ষী চেক প’ষ্টত দুগৰাকী মহিলা সৰবৰাহকাৰীক ধৰিলে। বি ডিনা (৪২) আৰু এইচ খুনে (৪৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ হাতত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ৮টা প্লাষ্টিকৰ চাবোনৰ বাকচত ১১৩ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ, দুটা মোবাইল ফোন আদি।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
