হোজাই, ০৪ নৱেম্বৰ (হি.স.): হোজাইৰ এখন বিদ্যালয়ত সৃষ্টি হৈছে এক ফোঁট বিতৰ্কৰ। সামাজিক মাধ্যমত ইতিমধ্যে বিয়পি পৰিছে উক্ত বিষয়টো। বিদ্যালয়ৰ প্ৰধান শিক্ষকে একাংশ ছাত্ৰ ছাত্ৰীক ফোঁট পিন্ধি অহাত বাধা দিয়াৰ অভিযোগ উঠিছে। এই সমগ্ৰ ঘটনা হৈছে হোজাইৰ ৰাধানগৰ দয়াময়ী হাই স্কুল খনত। প্ৰধান শিক্ষক গৰাকীয়ে একাংশ ছাত্ৰ ছাত্ৰীক আৰু অভিবাবকক বাধা দিছে বিদ্যালয়ত ফোঁট অৰ্থাৎ টীকা লগাই অহাত। এনেদৰে আহিলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হ’ব স্কুল আৰু ক্লাছ চলোৱাত অসুবিধা হয় বুলি ভাষ্য দিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰঞ্জন দাসে।
ইফালে প্ৰধান শিক্ষক গৰাকীৰ এনে কাৰ্য্যত বৰ্তমান ক্ষুব্ধ হৈ পৰিছে সনাতনী বৈষ্ণৱ ধৰ্মৰ লোক আৰু স্থানীয় ৰাইজ। শিক্ষাৰ নামত ধৰ্মক অপমান কৰা বুলি জাঙুৰ খাই উঠিছে ৰাইজ। যদি ফোঁট বা তিলক টীকা লগালে শৈক্ষিক পৰিৱেশ বিনষ্ট হয় তেন্তে কোনখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়োৱাব অভিভাৱক সকলে? অতি শীঘ্ৰে উক্ত ঘটনাৰ উচিত তদন্ত কৰি প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী তথা প্ৰশাসনলৈ আহ্বান জনাইছে ৰাইজে।
উল্লেখ্য প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিদ্যালয়খনৰ উন্নয়নৰ নামত বহু ধন আত্মসাত কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিজ খেয়াল খুচি মতে কাম কৰাৰ অভিযোগ প্ৰধান শিক্ষক নিৰঞ্জন দাসৰ বিৰুদ্ধে। গতিকে অতিশীঘ্ৰে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
