গুৱাহাটী, ০৩ ফেব্ৰুৱাৰী, : অৱশেষত শনিবাৰে আৰক্ষীৰ জালত পৰিল মানস চলিহা ওৰফে ‘ঘোঁৰা’। পশ্চিম বংগৰ আলিপুৰদুৱাৰৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সক্ষম হয় মানস চলিহাক। আলফা (স্বাধীন)ৰ ম্যানমাৰৰ চলমান শিবিৰত ‘গুপ্তচৰগিৰি’ কৰাৰ অভিযোগত ধৰা পৰা মানস বৰগোহাঁই নামৰ যুৱকজনে মানস চলিহাৰ বিৰুদ্ধে বাৰে বাৰে উত্থাপন কৰিছিল আলফা (স্বাধীন)ৰ বিৰুদ্ধে গুপ্তচৰগিৰি কৰিবলৈ মানুহ প্ৰেৰণ কৰাৰ অভিযোগ। মানস চলিহাই উক্ত অভিযোগ খণ্ডন কৰিবলৈ চেষ্টা কৰি আহিছিল যদিও সেই সময়তে খোল খাইছিল মানস চলিহাৰ মুখা। মানস চলিহাৰ বিৰুদ্ধে উত্থাপন হৈছিল এটাৰ পিছত আনটো ঠগ-প্ৰৱঞ্চনা, কেলেংকাৰীৰ বিস্ফোৰক অভিযোগ।
মানস চলিহাই কেইবাটাও ভিডিঅ’ বাৰ্তাৰ জৰিয়তে আলফা (স্বাধীন)ৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰাৰ লগতে আলফা (স্বাধীন)ৰ বিৰুদ্ধে কৰিছিল বহু কটু মন্তব্য। ইয়াৰ প্ৰত্যুত্তৰত আলফা (স্বাধীন)য়েও মানস চলিহাৰ বিৰুদ্ধে বহু তথ্য-প্ৰমাণ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰাৰ লগতে “মানস চলিহাই যিমান মিছা মাতিব, আমি সিমান তথ্য-প্ৰমাণ ৰাজহুৱা কৰি থাকিম” বুলিও আলফা (স্বাধীন)এ হুংকাৰ দিছিল। আলফা (স্বাধীন)এ মানস চলিহাৰ বিৰুদ্ধে বহু তথ্য-প্ৰমাণ ৰাজহুৱা কৰি আৰক্ষীক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছিল, অন্যথা আলফা (স্বাধীন)ৰ কাঠগড়াত মানস চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ভাবুকি প্ৰদান কৰিছিল।
