ধুবুৰী, ০৭ নৱেম্বৰ (হি.স.): ধুবুৰীৰ ঝগৰাৰপাৰ তৃতীয় খণ্ডত আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে সন্দেহজনক ব্ৰাউন চুগাৰৰ বুজন পৰিমাণৰ টেমা, নগদ ধন । লগতে কৰায়ত্ত কৰা হৈছে এটা দাগী ড্ৰাগছ সৰবৰাহকাৰী। যোৱাকালি সোমবাৰে সন্ধিয়া ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ তৃতীয় খণ্ড অঞ্চলত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি সৰু প্লাষ্টিকৰ টেমা, নগদ ধন জব্দ কৰাৰ ল”গতে এজন দাগী ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ গোপন এক তথ্যৰ ভিত্তিত ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল দাসৰ নেতৃত্বত চলিছিল সেই অভিযান। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন আব্দুল ৰছিদ মণ্ডল ওৰফে ৰিপণ। ইয়াৰ পূৰ্বেও কেইবাবাৰো জেল খাটি আহিছে আব্দুল ৰছিদ মণ্ডলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
