
বৰপেটা, ০২ জানুৱাৰী (হি.স.): নৱবৰ্ষৰ প্ৰথম দিনটোতে হাউলীত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। হাউলীৰ ৫ নং ৱাৰ্ডৰ পাঠকহাটীত সংঘটিত হৈছে এই ঘটনা। যোৱাকালি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গুণধৰ দাস নামৰ লোকজনৰ বাসগৃহত চোৰে চলাই চাফাই অভিযান।
গভাইত চোৰে তলা ভাঙি ঘৰত প্ৰৱেশ কৰি দুটাকৈ আলমিৰাৰ ল’ক ভাঙি ঘৰৰ সা- সামগ্ৰী লণ্ডভণ্ড কৰে। চুৰিকাণ্ডত আলমিৰাৰ পৰা প্ৰায় এক লাখ টকাৰ সোণৰ আ-অলংকাৰৰ লগতে মজুত থকা কিছু পৰিমানৰ নগধ ধনো লৈ যায়। ঘটনাস্থলী হাউলী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
