ধুবুৰী, ধুবুৰী জিলাৰ তামাৰহাটত যোৱাকালি সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত বহু দূৰ লৈ ছিটকি পৰিল চাৰি চকীয়া বাহনখন ।
১২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় পথৰ নমধৰ নামৰ ঠাইত এই ঘটনা । তামাৰহাটৰ পৰা ধুবুৰী অভিমুখে গৈ থকা এআৰ ০৬ ৬৪৩৭ নম্বৰৰ বাহনখনে এটা ছাগলী খুন্দিয়াই দিয়াৰ পাছত এই দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ কৰিব নোৱাৰি গাড়ীখন কেইবাবাৰো বাগৰি বহু দূৰত পৰে । স্থানীয় ৰাইজে ততাতৈয়াকৈ চালক আব্দুল হালিমক উদ্বাৰ কৰে ।
