
ওদালগুৰি, ২৯ নৱেম্বৰ (হি.স.): ওদালগুৰি জিলাৰ টংলাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। টংলাৰ কুকুৰাকাটাত মঙলবাৰে আবেলি এখন ইৰিক্সাৰ খুন্দাত এটি চাৰে তিনি বছৰীয়া কন্যা শিশুৰ কৰুণ মৃত্যু ঘটে।
জানিব পৰা অনুসৰি আজি আবেলি কুকুৰাকাটাত ইৰিক্সা এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত খেলি থকা শিশু এটিক খুন্দিওৱাৰ ফলত শিশুটিৰ থিতাতে মৃত্যু ঘটে ৷ মৃত শিশুটি ৰূপাখাট গাঁৱৰ বাবুল দেৰ কন্যা তৃষ্ণা দে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰাৰ উপৰি দুৰ্ঘটনা সংঘটিত কৰা ইৰিক্সাখন জব্দ কৰি থানালৈ আনে যদিও চালকজন বৰ্তমানো পলাতক হৈ আছে ৷ ই ৰিক্সাৰ অতপালি সততে শুনা যায় যদিও এই ঘটনাটোৱে পুনৰ উদঙাই দিলে ই ৰিক্সাৰ অতপালিৰ বিষয়টো। শিশু গৰাকীৰ মৃত্যুত অঞ্চলটোৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
