নতুন দিল্লী, ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি তিনিখন ৰাজ্য ত্ৰিপুৰা, মণিপুৰ আৰু ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৪০০ৰ লক্ষ্য অতিক্ৰম কৰাৰ আহ্বান পূৰণৰ বাবে তেওঁ দুটা স্থানত জনসভা আৰু এটা স্থানত ৰোড শ্ব’ অনুষ্ঠিত কৰিব। বিজেপিৰ এক্স হেণ্ডেলত আজি অমিত শ্বাহৰ নিৰ্বাচনী কাৰ্যসূচীৰ সবিশেষ শ্বেয়াৰ কৰিছে।
বিজেপিৰ এক্স হেণ্ডেলৰ তথ্য অনুসৰি পুৱা ১১ বজাত প্ৰথমে ত্ৰিপুৰাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী শ্বাহ। ত্ৰিপুৰা পূৱ লোকসভা সমষ্টিৰ আগৰতলাৰ পি ডব্লিউ ডি ফিল্ডত আয়োজন কৰা বিজেপিৰ ৰাজহুৱা সভাত তেওঁ ভাষণ দিব। ইয়াৰ পিছত শ্বাহ দিনৰ ১:৩০ বজাত ইম্ফলত থাকিব। তেওঁ ইনাৰ মণিপুৰ লোকসভা সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ ইম্ফলত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দিব ।
বিজেপিৰ তথ্য অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ দিনটোৰ অন্তিম কাৰ্যসূচী অনুসৰি ৰাজপুতৰ প্ৰদেশ ৰাজস্থানত উপস্থিত হ’ব । ৰাজস্থানৰ ৰাজধানী পিংক চিটি জয়পুৰত সন্ধিয়া ৬ বজাত বিজেপিৰ বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব শ্বাহে। এই ৰোড শ্ব’ আৰম্ভ হ’ব সাংগানেৰীৰ পৰা।
