
ধুবুৰী, ৩০ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হৈছে নাবালিকা অপহৰণৰ ঘটনা । গেৰামাৰী দ্বিতীয় খণ্ড গাঁৱৰ এজনী নাবালিকাক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে। নাবালিকা ছোৱালীক বিছাৰি মাক দেউতাকে কান্দি কান্দি মুখ্যমন্ত্ৰীক আবেদন জনাইছে।
ধুবুৰীৰ গৌৰীপুৰৰ গেৰামাৰীৰ দ্বিতীয় খণ্ড গাঁৱত তিনিদিন পূৰ্বে আবেলি ৬ :৩০ মান বজাত এজনী নাবালিকা ছোৱালীক মলাতীখামাৰৰ আনাৰুল হক নামৰ লম্পটে এজনে অপহৰণ কৰি ফোন যোগে ধন দাবি দিয়াৰ অভিযোগ আনে ভুক্তভোগী পৰিয়ালটোৱে।
উল্লেখ্য যে এই সংক্ৰান্তত গৌৰীপুৰ থানাত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও তিনিদিন ওকলি যোৱাৰ পিছতো এতিয়া লৈকে গৌৰীপুৰ আৰক্ষীয়ে নাবালিকা ছোৱালী গৰাকীক সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । ইয়াৰ ফলত পৰিয়ালৰ লোকে চিন্তিত হোৱাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কান্দি কান্দি কাতৰ আহ্বান জনাইছে যাতে অতি সোনকালে ছোৱালী জনীক উদ্ধাৰ কৰি দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
