হোজাই, ০৭ আগষ্ট (হি.স.)। হোজাই জিলাৰ লংকাত ড্ৰাগছ সহ এজনক আটক কৰা হৈছে। লংকা বাইপাছৰ পৰা আটক কৰা হয় ড্ৰাগচ সৰবৰাহকাৰীটোক। গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষী চলাইছিল এই অভিযান।
অভিযানত ড্ৰাগচসহ আটক কৰা হয় খালেক ষ্টাৰ নামৰ ড্ৰাগচ সৰবৰাহকাৰীটোক। আটকাধীন ড্ৰাগচ সৰবৰাহকাৰী খালেকৰ ঘৰ নখুটিত । লগতে ঘটনা সন্দৰ্ভত আটকাধীন লোকজনক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
