
শিৱসাগৰ, ০৬ আগষ্ট (হি.স.)। শিৱসাগৰৰ আমগুৰিত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। বৈদ্যুতিক খুঁটাত মটৰ চাইকেলেৰে খুন্দাম ৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুই আৰোহী। শিৱসাগৰৰ নামতিৰ পৰা মৰিয়নী দিশেৰে আহি থকা এএছ ০৩ আৰ ৭২৮৩ নম্বৰৰ চুপাৰ স্প্লেণ্ডাৰ বাইকেৰ অহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ ফলত দুয়োজন চিটিকি পৰাৰ ফলত থিতাতে নিহত হয় দুই আৰোহী।
আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱক দুজন যোৰহাট জিলাৰ নামচিচু অঞ্চলৰ বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
